পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

PLEASE MANDLE THE BOOK GAREFOLLe প্ৰকাশন পৰ্ষদ বিভিন্ন বিষয়ক আৱশ্যকীয় গ্ৰন্থ প্ৰণয়ন, সম্পাদন আৰু প্ৰকাশৰ ব্যৱস্থা কৰাৰ বাহিৰেও অসমৰ ন-পুৰণি গ্ৰন্থকাৰ সকলক গ্ৰন্থ প্ৰকাশত আৰ্থিক সাহায্য যোগোৱাৰ উদ্দেশ্যে অসম চৰকাৰে এখন প্ৰকাশন পৰ্ষদ (Publication Board ) প্ৰতিষ্ঠা কৰে ১৯৫৮ চনৰ শেষ ভাগত, চলিত বছৰৰপৰা প্ৰকাশন পৰ্ষদৰ কাম আৰম্ভ হৈছে। শিশু সাহিত্য, বিজ্ঞান, দৰ্শন, সাহিত্য সংস্কৃতিৰ আলোচনা আদি বিবিধ বিষয়ক গ্ৰন্থ প্ৰণয়ন, অনুবাদ আৰু সম্পাদনাৰ কাম বৰ্ত্তমান প্ৰকাশন পৰ্ষদে হাতত লৈছে। প্ৰকাশন পৰ্ষদৰ প্ৰথম প্ৰকাশৰূপে চক্ৰবৰ্ত্তী ৰাজা গোপাল আচাৰীৰ ‘মহাভাৰত’ৰ অসমীয়া অনুবাদ আৰু অসম ছাত্ৰ সম্মেলনৰ প্ৰথম অধিবেশনপৰা চৈধ্যজন। সভাপতিত্ব অভিভাষণ ‘ভাষণ- মালা' অলপতে প্ৰকাশ হব। ইয়াৰ বাহিৰে প্ৰকাশন পৰ্ষদে প্ৰথম পৰ্যায়ত বিভিন্ন বিষয়ক সৰু-বৰ একৈশখন পুথি প্ৰকাশৰ বাবে গ্ৰন্থকাৰ সকললৈ আৰ্থিক সাহায্য আগ বঢ়াইছে। ‘তীৰ্থ-যাত্ৰী’ প্ৰকাশন পৰ্ষদৰ আৰ্থিক সাহায্য পোৱা পুথিসমূহৰ ভিতৰৰে এখন। গুৱাহাটী } ১|১২|৫৯ শ্ৰীবিশ্বনাৰায়ণ শাস্ত্ৰী সচিব, প্ৰকাশন পৰ্ষদ, অসম গুৱাহাটী। OVERNMENT Oall No. DISTRIOT LIBRARY ABBAS www Se www