পৃষ্ঠা:ঢৌ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাট

দুখত বুৰি থকাটো পলায়নৰ সহজ উপায়
শোঁকগাথাৰ পৰাই উৰি আহে গান
হুৰ-হুৰ বতা চৰাই .……..

খৰাঙৰ ৰং চাই বোবা আকাশে
হঠাৎ ওঁঠলৈ নমায় সমুদ্ৰ গৰ্জন

পুৱাৰ পৰা ধোঁৱাই-ধোঁৱাই দুপৰ
জ্বলি উঠে জাবৰ দ’মৰ নিশকতীয়া জুই

লাহে লাহে পাকৈত হয়
শৈশৱতে ধনু সজা ল’ৰাটোৰ অপৈণত হাত

মাথো বাট এটা দিবা
পথাৰেই হওক বা শিলনিৰ

ল’ৰাবোৰৰ আছে শিল দলিয়াই
কাকিনি তামোল সৰোৱা অব্যৰ্থ দুহাত

সিহঁতে শালিব পাৰে পুখুৰীত দৰক লৈ
পোনা- পুঠি শেষ কৰা বিয়াগোম মাছ

মাথো বাট এটা দিবা
পথাৰ বা শিলনিৰ
অথবা
পাহাৰ বা নামনিৰ

আন্ধাৰত সাঁতুৰিলেও
পাৰৰ পোহৰত চকু ৰাখা