পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু সেই তাহানিৰ অকৰা আঙ্গুলি
যাৰে স’তে গাঁথিছিলে মালা পলাশৰ
উন্মাদিনী “বিৰহিনী” “মইনা” “মালিতা”
“মালচ” “আঁজলি” “ধ্বংস কমতা পুৰৰ”
“আভাস” আভাসময়ী চিত্ৰ ৰমনীৰ।
অফুটন “ঢোপাকলি” চেঙ্গেৰা কালৰ
“বৈদেহীৰ নিৰ্ব্বাসন” চকুলোৰে-ভৰা,
“তিৰুতার আত্মদান” জয় সাগৰৰ॥
বীৰ প্ৰসবিনী এই আসাম ভূমিৰ
মূৰ্ত্তিমতী শক্তিৰূপ, ভীম নিনাদিনী
বীৰকন্যা, বীৰাঙ্গনা বিধৱা গাভৰু
মূলা নামে তাহানিৰ “আহোম ৰমণী”,
সেই আঙ্গুলিৰে গঁথা “ডেচ্ দিমোনা” মোৰ,
অতি হেপাহত দিলো তোমাৰ হাতত,
ককায়াৰ গঁথাবুলি পিন্ধিবা ডিঙ্গিত,
ইয়াকেই খাটোঁ মাথোঁ তোমাৰ কাষত॥
      ইতি।

ভদৰি বৰবৰুৱাৰ আলি
২৯ চেপ্তেম্বৰ—১৯১৪
বিজয়া দশমী
}
তোমাৰ মৰমৰ
“সৰুককাই দেও”