পৃষ্ঠা:ডেকা-গাভৰুৰ লক্ষণ চৰিত্ৰ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৩ ]


গাভৰূ চাৰি ৰকম।

পদ্মিণী, চিত্ৰিণী, শঙ্খিণী আৰু হস্তীণী।

পদ্মিণী গাভরূৰ চিন।

 যি গাভৰূ পদ্মিণী হব, তেওঁৰ গা পদুম ফুলৰ নিচিনা গোন্ধায়। ইয়াৰ বাহিৰেও হৰিণা পহুৰ চকুৰ দৰে চকুজুৰি; কুলি চৰাইৰ দৰে মাত, হাত ভৰিৰ আঙ্গূলী বিলাক ঠোৰলি ঠোৰালি, কেশ টাৰি দীঘল, সকলোকে মৰম লগাব পাৰে আৰু এটাইৰে ওপৰত সমান মৰম ৰাখি থাকিলে তেওঁয়েই ঘৰত লক্ষী স্বরূপা হৈ থাকে।
যাৰ ঘৰত পদ্মিনী গাভৰূ থাকে, তেওঁ বিলাকৰ কেতিয়াও দুখ নহয়৷ তেওঁৰ গিৰিয়েক বৰ চহকী হয়, আৰু বহুত দিন জীয়াই থাকে (মেঘত তৰা জিলিকাৰ দৰে) গাওঁৱত পোহৰ কৰি থয়।

চিত্ৰিনী গাভরূৰ চিন৷

 যি গাভরূ চিত্ৰিনী হব, তেওঁ গিৰিয়েকৰ বৰ বাধ্য থাকে, পৰ পুৰুষৰ মূখ নেচাৰ, লোভীয়া নহয়, সদায়