পৃষ্ঠা:ডেকা-গাভৰুৰ লক্ষণ চৰিত্ৰ.djvu/২৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
[১৯]

⸻⸻⸻⸻⸻⸻⸻⸻⸻

ওপৰলৈ ধুলি উঠি আহে অর্থাৎ খোজত ধুলি উৰি উৰি আহে তেওঁ বৰ কুলক্ষণী, পৰাপক্ষত তেওঁক সহ ধার্ম্মিণী কৰা যুগুত নহয়।

 ৩৭। যাৰ কৰঙ্গনত নােম নাই, সমান আৰু শিৰ নােলোৱা সেই গাভৰূক হে সুলক্ষণী বুলি কয়, এতেকে তেওঁ অকুৰূপা হলেও বিয়া কৰােয়া উচিত।

 ৩৮। যি গাভৰূৰ পেটৰ ওপৰৰ শিৰ বিলাক নেদেখি, পেটতো তললৈ নমা আৰু পেটৰ চাল লুপ্ থুপ্ কৰে কোমল তেওঁ বৰ সুখী হয়

 ৩৯। যাৰ কাষলতি সমান তেওঁ সদা সুখত থাকে, আৰু যাৰ খাল হয় তেওঁৰ সদায় দুখহয় ইহ জনমত তেওঁ কেতিয়াও সুখৰ মুখ দেখিবলৈ নেপায়।

 ৪০। যি গাভৰূৰ পিঠিত নোম থাকে আৰু মঙ্গহীয়াল তেওঁ বাৰী ভাত খাবলৈ পায় ।

 ৪১। যাৰ বুকুৰ মাজত নোম নেথাকে তেওঁ বৰ চহকী হয় আৰু সেই গাভৰূক গিৰিকে বৰ মৰম কৰে আৰু আঁতৰা আঁতৰি হৈ বেচ দিন থাকিব নােৱাৰে।

 ৪২। যি গাভৰূৰ হাতৰ তলুয়া আৰু বেছি কি নেপাকে তেওঁ বৰ সুলক্ষণলি কয়।