ক্ষণী হলেও কুলক্ষণী বুলি জানিব। যাৰ দাঁত বিলাক দীঘল ক'লা আৰু সেৰেঙা, তেওঁ দুৰ্ভগীয়া আৰু সদায় দুখত পৰি থাকে, সুখনো কি কন্তু তেওঁ বিলাকে একো জানিব নোৱাৰে।
১৭। যি তিৰোতাৰ দাঁত বিলাক বগা, মিহি, সমান আৰু একুৰি দুটা দাঁত থাকে তেওঁ কল্যান কৰিণী। যাৰ দাঁত দেখিবলৈ বেয়া তেওঁ বাঁৰী হয়।
১৮। “য তিৰোতাৰ জিভা বগা তেওঁ পাণীত পৰি মৰাত ভয়, যাৰ মেঘ বৰণীয়া তেওঁ সুন্দৰী, যাৰ শকট তেওঁ দুখীয়া, যাৰ দীঘল তেওঁ নোখোৱা বস্তু খাবলৈ ইচ্ছা কৰে, আৰু যাৰ বহল তেওঁ বিলাকে ঘৰৰ কাম কৰাত ওদা হয়।
১৯। যি তিৰোতাৰ সৰু কালত হাঁহৰ লেখিয়া গাত গামোছা লোৱা কালত কুলি চৰাই লেখিয়া আৰু গাভৰূ কালত চাকৈ চকোৱাৰ দৰে মাত মাতিলে তেওঁ নমৰালৈকে সুখত থাকে।
২০। যি তিৰোতাৰ গাটো লনী সোনৰ লেখিয়া বৰণ আৰু হাতৰ তলুৱা ৰঙা পদুমৰ লেখিয়া হলে তেওঁ সকলোতকৈ সুলক্ষণ হয়। যি বিলাকৰ ওঁঠ দুটা ডাঙ্গৰ তেওঁ অলপতে গিৰীয়েকৰ মূৰ খায়।