এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৭]
কৰাব লাগে। তেহে মিল হয়।
ওপৰত লিখা মতে যদি ডেকা বিলাকে বিয়া কৰে তেনেহলে উভয়ে উভয়ৰ মনত সন্তোষ আৰু আনন্দেৰে দিন কটাব পাৰে।
⸺
ডেকাই উপযুক্ত গাভৰূ
বিয়া নকৰাৰ ফল।
১। শশক ডেকাই যদি হস্তিনী গাভৰূ লগত বিহাৰ কৰে, তেনেহলে তেওঁ খিনাই শুকাই অলপ দিনৰ ভিতৰতে শ্ৰীহত হয়।
২। শশক ডেকাৰ ঔৰষত হস্তিনী গাভৰূৰ লৰা ছোৱালী হলে, সেই বিলাক লৰা ছোৱালী বহুত দিন জীয়াই নেথাকে। হস্তিনী গাভৰূক শশক ডেকাই কোনো কাৰ্যতেই বা কথাতেই সন্তোষ ৰাখিব নোৱাৰে।
৩। শশক ডেকাৰ ঔৰষত যদি শঙ্খিণা গাভৰূৰ লৰা ছোৱালী হয়, সেই লৰা বা ছোৱালী কাৰো লগত মিলিব নোৱাৰে আৰু ভাল সঙ্গত থাকি ভাল নেপয়।
৫। শশক ডেকাৰ ঔৰষত যদি চিত্ৰিনী গাভৰূৰ লৰা ছোৱালী হয়, সেই লৰা ছোৱালীৰ পৰা আৰু বাপেকে