পৃষ্ঠা:ডেকা-গাভৰুৰ লক্ষণ চৰিত্ৰ.djvu/১১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
[ ৫ ]


ডেকা চাৰি ৰকম।

শশক, মৃগঁ, বৃষ, আৰু অৰ্শ্ব।

শশক ডেকাৰ চিন।

 যি শশক ডেকা হব, তেওঁ বৰ গহীন, পৰৰ তিৰো- তাৰ মখ নেচায়, সততে সঁচা কথা কয়, বৰ থিৰ জুৰ আৰু স্বভাৱ চৰিত্ৰত ভাল, কোনো পাপ কামত মন নিদিয়ে আৰু ধৰ্ম্মত মতি*** হয়,

মৃগ ডেকাৰ চিন।

 যি মৃগ ডেকা হব, তেওঁৰ মন বৰ চঞ্চল সদায় আনন্দত থাকে , *** হয়, হাত ভৰিৰ *** বিলাক দীঘলীয়া নাচ আৰু গান শুনিবলৈ বৰ ভাল পায়, আলহি অতিধিক ভালকৈ সোধা পোছ কৰে আৰু চকু জুৰিলৈ চালেই যে সেই মানুহৰ মৰম লাগে।


বৃষ ডেকাৰ চিন।

 যি বৃষ ডেকা হব, তেওঁৰ চকুত টোপনি নাই,