২। দোহাৱলী। মহাত্মা কবীৰ আৰু তুলসীদাসৰ বছ। বছ। বহুমূলীয়া হিন্দী আৰু সুগলিত অসমীয়া পদ্যানুবাদ। সকলোৱে একবাক্যে শলাগিছে। বেচ।• এসিকি মাথোন। লব্ধপ্ৰতিষ্ঠ সাহিত্যিক, সুকবি শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা ডাঙৰীয়াই লিখিছে :- "I am very much pleased with the book and think, you have done well in rendering the 'Dohas' of immortal Kabir and Toolsidas into our language, especially in a metrical form." (²) সুপ্ৰসিদ্ধ গ্ৰন্থকাৰ আৰু কটন কলেজৰ সুযোগ্য অধ্যাপক প্ৰযুক্ত সুৰ্য্যকুমাৰ ভূঞা, এম.এ, বি-এল, বিদ্যাবিনোদদেৱে অনুগ্ৰহ কৰি জনাইছে :- ● কবীৰ আৰু তুলসীদাসৰ দৌঁছাৱলী মই আগৰেপৰা ভাল পাইছিলোঁ। এতিয়া অসমীয়া সাজেৰে দেখি পৰম আনন্দ পালোঁ। উক্ত দুই কবিৰ মৰ্ম্মস্পৰ্শী দোঁহাৱলী সকলোৱে ভাল পাব লাগে, বিশেষতঃ আপোনাৰ সৰল ভাঙ্গনীত। আমাৰ অকলশৰীয়া; আগু- হতীয়া সাহিত্যলৈ আপুনি বিদেশী ফুলৰ সৌৰভ অনাত আপুনি অসমীয়া ৰাইজৰ কৃতজ্ঞতাভাজন হৈছে সেইটে! নকলেও হব।”
পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৫৩
অৱয়ব