ডেকা বৰুৱাৰ ধূলনী। টকা-পইচাৰ নাটনিত বিয়াৰ ৰচ-পাতি যোগাবলৈ অক্ষম এই কথা ঠাৰে চিয়াৰে মোক জানিবলৈ দিয়াত মই আনন্দেৰে সকলো ধৰচৰ ভাৰ মূব পাতি ললে॥ ‘বাটলু ত্ৰিী’ বুলি সমাজে ইতিকিং কৰালৈ মই ভয় নকৰিলোঁ। সমাজে হাঁহে যদি হাঁহক, তাত মোৰ ক্ষতি কি? মোৰ বিবেকে ঘিটে। ভাল বুলি কয়, নৈতিক সাহসৰ পৰিচয় দি মই তাকে কৰিম। এইদৰে দৃঢ়প্ৰতিজ্ঞ হৈয়েই মই কাৰ্য্যক্ষেত্ৰত নামিছে॥ ইয়াৰ দুমাহৰ পাচতে ৰূপহীৰ লগত মোৰ শুভ পৰিণয় হল। লাহে দেখিলোঁ, মই যিবোৰ সজ কাম কৰিবলৈ মনতে পাঙি গৈছিলোঁ, সেইবোৰত ৰূপহীৰ সম্পূৰ্ণ সহানুভূতি আছে। ঘৰৰ সকলো কাম নিজ হাতে কৰাৰ উপৰিত্ত সৰ্ব্ব-সুলক্ষণা লক্ষ্ম-স্বৰূপিণী ৰূপহীয়ে সদায় দুখীয়া নিছল৷ মানুহৰ ভূ-ভ৷ লৈ সিহতৰ অভাৰ যথা সম্ভৱ পুৰণ কৰি মনত বৰ সম্ভোষ পায়। এটা কথাৰে কবলৈ গলে “দৰিদ্ৰ নাৰায়ণৰ” সেৱা ৰূপহীয়ে জীৱনৰ প্ৰধান কৰ্ত্তথ্য বুলি সাৰোগত কৰি ললে। মই দেখিলে। স্বৰ্গীয় পিতৃদেৱতাৰ আদেশ পালন কৰাৰ এয়েই উপযুক্ত সময়। গতিকে দুয়ে। মিলি তেখেতৰ উপদেশমতে কাম কৰি জীৱণ-যাত্ৰ। নিৰ্ব্বাহ কৰিবলৈ ধৰিলোঁ। দুয়োজনে পৰম কাকনিক পৰমেশ্বৰৰ চৰণ উদ্দেশি প্ৰণাম কৰি গালো:— "ইচ্ছা তযু পূৰ্ণ হোক হেয়। দয়াময়।” ৪২
পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪৮
অৱয়ব