পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY ডেকা বৰুৱাৰ বিয়া। ( আত্মকাহিনী।) (1) আজি বহুত দিনৰ কথা। তেতিয়া মই 'এণ্টো' পৰীক্ষা 'পাচ' কৰি ঘৰতে বহি আছিলো। ঘৰত বহি থকাত ওচৰ-চুবুৰীয়া আৰু গাৱঁৰ সকলো মুনিহ-তিৰোতাই মোক 'বহি খোৱা’, ‘আবালচন্দ' আদি বিশেষণেৰে বিভূষিত কৰিবলৈ বাকী ৰখা নাছিল। আগৰ দিনত অৰ্থাৎ ইংৰাজৰ আমোলৰ আৰম্ভণত, 'এণ্টে ঞ্চ’ মহলাত্ত উঠিলে হেনো চৰকাৰে মাতি নি উপযাচি "মুন্সিপ-সদৰামিনৰ কাম দিয়ে; কিন্তু এতিয়া পাচৰ উপৰি পাচ বছৰি বছৰি হোৱাত আগৰ 'মান' হেনে। আৰু নাই! আজিকালি বোলে বি.এ, এম.এ পাচকো পোৰ্ট্ৰোত। নাই। সৰুৰেপৰ৷ মোৰ মন অলপ স্বাধীন ভাবৰ। এই স্বাধীন ভাব প্ৰথমতে প্ৰাতঃস্মৰণীয় দেউতাই মোৰ মনলৈ সুমায়। 'চাকীৰ নামকে মুগুনিছিল। চাঞ্চীৰ কথা ওলালেই তেখেতে কৈছিল:—“চাকৰী মানেই গোলামী। 'গোলামখানাত' যি এবাৰ সোমাইছে সি দাসত্বৰ শিকলিত বান্ধ খাইছে। স্বাধীন হৈ থকাৰ সমান সুখ নাই। গোলামী কৰি হাজাৰ হাজাৰ টকা ঘটাতকৈ স্বাধীনভাৱে দুই-চাৰি পইচা উপাৰ্জন কৰি পেটে-ভাতে খাই খাই ভাল।” দেউতাৰ এই বাক্যকে সাৰোগত কৰি ই বৰ উৎসাহেৰে লিখাপড়া শিকিবলৈ ধৰিলোঁ। এই জনমত আৰু চাকৰী নকৰে বুলি মনতে অঙ্গীকাৰ কৰিলোঁ। কিন্তু হায়, “আচা কথা নহ সিদ্ধি,