পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গলগ্ৰহ। ২১ কালৰ দিনকেইটা যাতে ভালে-কুশলে যায় আৰু যাতে ঈশ্বৰ ভক্তিৰ কালে মনটো ঢাল খায় তালৈহে সকলোৱে চকু ৰাখি চলা উচিত। আপুনি এইবোৰ জনা হৈও নজনাৰ ভাও ধৰিছে। আপোনাৰ লৰাই নাইনে, ছোৱালীয়েই নাইনে, কি নাইকিয়া হৈছে? সৰহ ভাগ মাহুহেই নিঃসন্তান হোৱ৷ গতিকে পুনব্বিবাহ কৰা দেখা যায়, কিন্তু আপোনাৰ তো তেনে হোৱা নাই। বাৰু, যি কৰিলে, কৰিলে। 'গতস্থ শোচন/ নাস্তি', এতিয়া তো আপুনি আচল ঘৰৰ ফালে নন-কাপ দি নচলিলে নহব। মই আতৰত থাকে।; ঘৰৰ ফালে মন কৰিবৰ মোৰ শক্তি নাই। পঢ়া-শুনাৰ চিন্তাই মোক আগুৰি ধৰিছে, আৰু ভাবি চাওক, মই যদি পঢ়িব-শুনিবলৈ এৰি এতিয়াৰপৰা ঘৰত থাকেঁাঁচি, তেন্তে মোৰ পক্ষে সংসাৰ আন্ধাৰ নহবনে? এতেকে, দেউতা, আপুনি ঘৰখন চত্তালিব। দিনচেৰেকৰ পাচত মই তো নগলেই নহব। মই আপোনাক উপদেশ দিবলৈ অহা নাই। মনৰ আবেগ সামৰিব নোৱাৰি মোৰ ক্ষুদ্ৰ বুদ্ধিৰে ঢুকি পোৱা দুআষাৰমান যাথোন কথা কলোঁ। আপুনি যেনে ভাল দেখে কৰক।” যৌজাদাৰে পুতেকৰ কথা শুনি অলপ পৰ টলা মাৰি ৰৈ মনে মনে ডাৰিলে, "বাস্তৱতে মামুহে যে কয় বোলে 'চাৰি দেশ ফুৰে যি চাৰি কথা শিকে সি’ এই কথা মিছা নহয়৷ আজি বৰবোপাটিয়ে যিবোৰ কথা কলে, সেই আটাইবোৰেই যে পঁচা তাক মই মুই কৰিব নোৱাৰো।” পাচত তেওঁ পুতেকক ফুটাই কলে, “বৰ বোপাটি, যি হৰ লগ| আছিল হৈ গল। মই তোৰ কথাবোৰনশলাগি থাকিব নোৱাৰে॥ আজিৰ- পৰা মই তোৰ কথা মতে চলিম। এতিয়া জা-জলপান বা আৰু খাই- বই কেইদিনমান ইয়াতে থাক। মোৰে সৈতে একেলগে ঘৰলৈ যাবি। মাহীদেৱেৰক কাইলৈ মাকৰ ঘৰলৈ পঠিয়াবলৈ দেউতাকে চিঠি দিছে,