পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাণত বাজি উঠিল। যেন সি ইয়াতে আছে। মাত্ৰ দুই মিটাৰ আঁতৰত, ব’ঠাপাটৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। সমুদ্ৰৰ বতাহৰ কান্দোনত, ঢৌৰ আছাৰবোৰত, স্মৃতিৰ ভিতৰত, সকলোতে তাৰ কণ্ঠস্বৰ বাজি উঠিছে। ‘এইফালে বাই আনা।’— তাৰ এই উন্মত্ত অস্থিৰ আৱাজে মোক যেন পাগল কৰি দিব।

 তিনি বজাৰ পাছত ধৈৰ্য হেৰুৱাই পেলালোঁ মই। এইখিনি সময়তে ডেষ্ট্ৰয়াৰে কাৰটাজেনাত উপস্থিত হোৱাৰ কথা আছিল। বন্ধুবোৰে চাগে’ আমি উভতিলোঁ বুলি গোটেই চহৰত আনন্দ কৰিছে। সকলোৱে আমাৰ কথাই ভাবিছে নিশ্চয়। এইবোৰ চিন্তাই মোৰ শক্তি আৰু ধৈৰ্য যোগালে আবেলি চাৰিটালৈ। যদি সিহঁতক ৰেডিঅ’যোগে খবৰ দিব পৰা যায়ো, এতিয়ালৈ যিহেতু বন্দৰত উপস্থিত হ’ব পৰা নাই, গতিকে সকলোৱে নিশ্চয় বুজিছে, কিবা এটা অঘটন ঘটিছে। সিহঁত নিশ্চয় সতৰ্ক হৈছে।

 বিমানৰ যদি উৰণত পলম কৰিছে, তথাপি আধা ঘণ্টাৰ ভিতৰত আহি পোৱাৰ কথা। চাৰি বজাত বা খুব বেছি চাৰি বাজি পোন্ধৰ মিনিটৰ ভিতৰত মোৰ মূৰৰ ওপৰত বিমান ঘূৰা-পকা কৰিব।

 দিগন্তলৈ চকু ফুৰালোঁ আকৌ। এক অন্তহীন নিস্তব্ধতাৰে ঢাক খাই গ'লোঁ মই।

 তাৰ পাছত আৰু লুই ৰেনগিফোৰ আৰ্তনাদ মোৰ কাণত নপৰিল।

 সুদীৰ্ঘ নিশাটো

 প্ৰথম তিনি ঘণ্টা অকলে সমুদ্ৰত অসহ্য লাগিছিল। পাঁচ ঘণ্টা পাৰ হৈ গৈছে। ভাব হৈছে আৰু এঘণ্টা অপেক্ষা কৰিব লাগিব। ধীৰে ধীৰে বেলিটো পশ্চিমত মাৰ যাবলৈ ধৰিছে। টিকটিকীয়া ৰঙা বেলি। মই সহজ হ’বলৈ চেষ্টা কৰিলোঁ। সূৰ্য বাওঁফালে, এইবাৰ বুজিছোঁ বিমান আহিব কোন দিশৰ পৰা। সেই দিশলৈ নিশ্চল ভংগিমাত দৃষ্টি স্থিৰ কৰি ৰাখিছোঁ। ভয় হৈছে, কিন্তু চকু মুদা নাই। সেইফালেই নিশ্চয় কাৰটাজেনা। ছয় বাজে মানে চকু বিষাবলৈ ধৰিলে। তথাপি মই আশা এৰা নাই। আন্ধাৰ হ’বলৈ ধৰিছে। তথাপি ধৈৰ্য হেৰুওৱা নাই। ইঞ্জিনৰ শব্দ শুনাৰ আগতে প্ৰথমে বিমানৰ ৰঙা আৰু সেউজীয়া পোহৰ দেখিবলৈ পাম। কিন্তু মোৰ মুঠেও ভাব হোৱা নাছিল যে মই বিমানৰ পোহৰ দেখিলেও সিহঁতে মোক দেখা নাপাব।

 ইতিমধ্যে আকাশে ৰক্তিম বৰণ ধৰিলে। তেতিয়াও মোৰ দৃষ্টি দিগন্তত। অলপ পাছতে গভীৰ বেঙুনীয়া ৰং ধাৰণ কৰিলে আকাশে। মই মাথোঁ চাই আছোঁ। লাইফ বোটৰ এচুকত বহি দেখিছোঁ হুইস্কি বৰণৰ আকাশৰ বুকুত হালধীয়া হীৰাৰ দৰে প্ৰথম তৰাটো ফুটি উঠিল। নিশ্চল, নিখুঁত। যেন কিবা সংকেত দিছে। তাৰ পাছতে ৰাত্ৰি নামি আহিল।

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-৩
৩৩