বিৰ দি মাৰি যাওঁ বিঢ়াকৈ ওকণি,
খেপিয়াই মাৰি যাওঁ লেখী।
এখনি হাঁচতি লগত দি পঠিয়াম,
পাণতে বাবৰি বাচি॥ ৪১১।
আষাঢ়ে-শাওণে আম-কঠাল পকিলে,
কলীয়া হলৌৱে খায়।
ছৰ্কাৰী কামলৈ ওলালা যাবলৈ,
মোৰ বহ-বতৰ যায়॥ ৪১২।
আলিৰে কেকুৰি, চেনাই যায় ফেকুৰি,
কাণৰে কঁড়িয়া লৰে।
চেনাইৰ কথা ভাবি শোকে খুন্দা মাৰি
দেহা উজান-ভাটি কৰে॥ ৪১৩।
পিয়াহৰ সুৱদি দিখৌৰ পানীচলু,
ভোকৰ সুৱদি ভাত।
তাতকৈ সুৱদি সৰু চেনাইজনী,
লগাই যাওঁ এষাৰি মাত॥ ৪১৪।
কিতাপ পঢ়ি পঢ়ি কান্দ তই মইনা,
চিঠি পঢ়ি পঢ়ি কান্দ।
ভাতৰ পাতত বহি অময়া গুণন্তী,
কেলৈ চিতা কৰি থাক॥ ৪১৫।
ৰাতি পৰে পৰে তোলৈ মনত পৰে,
মই আহোঁ বাজলৈ ওলাই।
তোমাৰ কথা ভাবি ওলায় চকুপানী,
কাহানিকৈ ঈশ্বৰে মিলায়॥ ৪১৬।
জেনেৰু চকলা জিম, ঐ পিলিঙা,
জেনেৰু চকলা জিম্।
তুমি যে গলাগৈ ডিবুৰু জিলালৈ
কাৰ আগত বাতৰি দিম॥ ৪১৭।
বৰ ঘৰৰ মুধতে ভৰালৰ টুপতে,
চৰাই ফুট-কলা খায়।
মোৰ জানো মনতে পৰে ঘনে ঘনে
তোৰ জানো মনতে নাই॥ ৪১৮।
কি চৰাই কান্দিলে হেটুলুক হেটুলুক,
কণিবোৰ পাৰিলে বনত।
সূতা কটা এৰি যাওঁ, পাঁজি কটা এৰি যাওঁ,
ধনলৈ পৰিলে মনত॥৪১৯।
আহঁতৰে পাতে কৰে তিৰবিৰ,
মই পাতোঁ সান্দহৰ খোলা।
কেতিয়া আহিব মোৰ ধন, ঠানুৱা,
দিবহি সাদৰী কোলা॥ ৪২০।
পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
জনকাব্য