পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“নেওগ দেৱ এজন উঠি অহা
কবি। তেওঁৰ ৰচনাৰ মধুৰ ভাৱ
আৰু সুৱলা ছন্দ সঁচাকৈয়ে মোহ
লগা। এতিয়া তেওঁ “আকুল
পথিক” ৰাইজলৈ আগ বঢ়াইছে।
অসমীয়া সাহিত্যই শ্ৰীমান
নেওগৰ পৰা বহুত আশা কৰে।”

অৰ্ঘাঃ (১ম বছৰ,
৫ম-৬ষ্ঠ সংখ্যা);
১ বহাগ, ১৮৪৫।

“আমি আজিকালি যাক শিক্ষা
বুলিবলৈ শিকিছোঁহঁক তেনে
শিক্ষাত অশিক্ষিত অসমীয়া
স্বভাৱ-কবি ‘বিয়াকুল বাটৰুৱা’ৰ
বন-ঘোষাৰ এই ক্ষুদ্ৰ সমষ্টিটি
পাই আমি নথৈ সন্তোষ লাভ
কৰিছোঁহঁক। কিতাপৰ পাতনিত
নেওগদেৱে গীতবোৰৰ চমুকৈ যি
বিশ্লেষণৰ চেষ্টা কৰিছে, সিও
সন্তোষজনক হৈছে। .....অসমীয়া
সাহিত্য তেওঁৰ ওচৰত ধৰুৱা।"

—শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।
বাঁহীঃ ফাগুন, ১৮৪৪ শক।