পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
জনকাব্য


আৰু-বেলি বিহুতে  গামচা খুজিলোঁ,
 এই বেলি কাটিছা পাঁজি।
কেহেলৈ লাগিছে  এনেখন গামচা,
 আনি লম তোমাতকৈ কাজী॥ ৬৫০।

পৰি হাঁহকণি  ভাগিল, সমনীয়া,
 পৰি হাঁহকণি ভাগিল।
বৰ ঘৰৰ ভিতৰত  চিকা ৰূপ হেৰালে,
 বিচৰা-বিচৰি লাগিল॥ ৬৫১।

ৰিহাত পদুমৰ  চকা, ঐ আইতা,
 ৰিহাত পদুমৰ চকা।
তোমাৰে ধনেৰে  কিনো দৌল বান্ধিবা,
 বচনেই এহেজাৰ টকা॥ ৬৫২।

পোৱালী হাতীৰ  শুড়, ঐ দেউতা,
 পোৱালী হাতৰে শুড়।
তললৈ মূৰকৈ  গুণিব নালাগে,
 জপাৰে মেলাগৈ মূৰ॥ ৬৫৩।

চেলেং কাপোৰৰ  পুতল, ঐ আইটী,
 চেলেং কাপোৰৰ পুতল।
খৰকৈ যোৱাঁগৈ,  পিতাৰাক কোৱাঁগৈ,
 ভাতৰো আহিছে উতল॥ ৬৫৪।