পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
বিহুৱতী


হুচৰি-ঘোষা

ষষ্ঠবিংশ অধ্যায়

শঙ্কৰ এ’, আমাৰ নিজৰ গুৰু
দৈৱকী-নন্দন দেৱ,এ। ৫০১।

কৃষ্ণাইৰ মূৰৰে বকুল এপাহি
নিয়ৰ পাই মুকলি হল, ঔ গোবিন্দাই ৰাম॥ ৫০২।

ৰাধাই বোলে কৃষ্ণাই, আমাক পাৰ কৰাঁ,
এই যমুনাৰ জল, ঔ গোবিন্দাই ৰাম॥ ৫০৩।

মথুৰাৰ ঘাটতে কানাই পাৰ কৰে,
ৰাধাৰ মুকলি চুলি॥ ৫০৪।

অৰ্জ্জুনৰ ৰথৰ সাৰথি, নাৰায়ণ,
হে অ’ দুৰ্যোধন॥ ৫০৫।

কলমৌ খাওঁতে বুঢ়া হনুমন্তই
নগৰি কৰিলে চন, ঔ গোবিন্দাই ৰাম॥ ৫০৬।

দেউতাৰ পদূলিত গোন্ধাইছে মধুৰি,
কেতেকী মলমলায়॥ ৫০৭।

হুৰাই ল’, সৰগৰ তৰা।
চাই থাক অ’ নিলগৰ পৰা॥ ৫০৮।

হুৰাই ল’, নাহৰৰ কলি।
ৰৈ থাক অ’ আহোঁগৈ ঘূৰি॥ ৫০৯।