পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
জনকাব্য

(জ) বিৰহ

চত্বাবিংশ অধ্যায়

কেচা মৰী টেঙাৰ  জিম্ ঐ ঠানুৱা,
 কেচা মৰী টেঙাৰ জিম্।
একাষাৰ মাতেৰে  কন্দুৱাই পেলালা,
 কিনো উত্তৰ আষাৰ দিম॥ ৪৬১।

বাঁহৰ আগলিত  পৰে কাম চৰাই,
 উভতি কোটালে পাখি।
কোনেনো খুৱালে  ঠুৰি তামোলখনি
 পাণতে বাবৰি বাচি॥ ৪৬২।

উৰাই মাৰিলা,  ঘূৰাই মাৰিলা,
 হাতত মণিছালৰ গুটি।
খঙৰ ভমকত  মাৰি পঠিয়ালা
 ঠুৰিয়া তামোলৰ মুঠি॥ ৪৬৩।

যোৰহাট জিলালৈ  নাযাবাঁ বুলিলোঁ,
 কাৰে বুধি পাই গলা।
কাৰে লগ পাই,  মোৰ ধন চেনাই ঐ,
 আমাৰ লগত আতাৰি হলা॥ ৪৬৪।

আখৈ খাই আখৈ খাই  পেটকে নভৰে,
 নিয়ৰত নিতিতে ভৰি।
কেচা কৌ পাতত  ঘূণে যে পিন্ধিলে,
 হলোঁ জীয়াই জীয়াই বাঁৰী॥ ৪৬৫।

কি কথা কৰিলোঁ,  কি বুধি কৰিলোঁ,
 বাৰীত ৰামকল ৰুই।
আগেয়ে নাজানো  এতিয়া জানিলোঁ,
 শৰীলত একুৰা জুই॥ ৪৬৬।

অতি চেনেহৰ  ফুলবাৰী পাতিলোঁ,
 তাৰ মাজে খৰিকা-জাঁই।
অতি হেপাহৰে  পিৰিতি কৰিলোঁ,
 ঢোপাতে মৰহি যায়॥ ৪৬৭।

ৰঙত দিয়ে গলা  ৰঙৰে হাঁচতি,
 খঙত লৈ গলা কাঢ়ি।
গাত দি-এ গলা  জীয়া জুই একুৰা,
 মুখৰ লৈ গলা হাঁহি॥ ৪৬৮৷

কাৰ আগত কৈ যাম  দুখৰ কথাষাৰি
 কোনে পাতি যাব কাণ।
চকুত নাই টোপনি,  তোমালৈ চিতনি,
 দেহালৈ পৰিছে টান॥ ৪৬৯।

দৰিকা-দিছাঙত  পানী শুকাই গল,
 দিখৌ এৰা সুতি হল।
আমাৰ পিৰিতি  জানোচা হেৰালে,
 বুকু চমচমাই গল॥ ৪৭০।