চোতালৰ আগৰে জুতুলা বগৰি,
পছিমলৈ মেলিলে ডাল।
দিয়া বা নিদিয়া চিৰপিতা আঙঠি,
ওফন্দাই পেলালা গাল॥ ৪৩১।
বাইৰে মৰম ঐ নুবুজাঁ, ভিনিহি,
ঘপৰাই মাৰিলা ভুকু।
বাইৰে সলনি মোক লৈ যোৱাঁ,
সোণেৰে বন্ধোৱা বুকু॥ ৪৩২।
এডালি ভাঙিলে আহে চাৰি ডালি,
লুইতৰ খাগৰি খৰি।
এজনী মাতিলে আহে চাৰি জনী,
হাতত ধৰাধৰি কৰি॥ ৪৩৩।
কলৈ যাৱ কলীয়া, গধূলি বেলিয়া,
মাৰকো নোবোল আই।
অত গৰু-মহ তই হেদাঙি মেলিলি
কাৰ নো বাতৰি পাই॥ ৪৩৪।
নগাঁৱৰ নলনি, দগাঁৱৰ দলনি,
কুঁহিয়াৰ চাপৰিৰ মাটি।
লৰামতীয়া যেন আমাক যে দেখিছা,
খপি যাব পাৰোঁ মই ৰাতি॥ ৪৩৫।
মখনা নহওঁ মই, মাখুন্দী নহওঁ মই,
শুড় মেলি মলহা খাওঁ।
তাঁতত কি-এ ফুল বাচিম মই, লাহৰী,
ঘনাই মূৰ দাঙি চাওঁ॥ ৪৩৬।
ককিলা মুখৰে কুমাৰ গাঁওখনি,
কোনেনো সাজি গল চৰু।
চেঙেলীয়া মনকে বান্ধিব নোৱাৰোঁ,
যেনেকুৱা দমৰা গৰু॥ ৪৩৭৷
কিনে মাত আষাৰি লগালা, চেনাই ঐ,
মন মোৰ কেনেবা কৰে।
বহোঁ তাঁতৰ পাতত, চকু আলিবাটত,
মাকো সৰি সৰি পৰে॥ ৪৩৮।
ৰাজগড় হাবিতে মাটি মই খোৱা নাই,
মোৰ নামে আহিছে পটা।
তোমাৰ লগত মই পিৰিতি কৰা নাই,
মিছাতে ওলাইছে কথা॥ ৪৩৯।
চেলু চাই পিৰিতি কৰিবা, লাহৰী,
ছেগ চাই লগাবা মাত।
লোককে দেখুৱাই দদাইদেউ বুলিবা,
ভিতৰি বুলিবা নাথ॥ ৪৪০।
পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১০৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
জনকাব্য