পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
জনকাব্য


দ্বাবিংশ অধ্যায়

বাইৰে নিচিনা  মেখেলা পিন্ধিলোঁ,
 আইৰে নিচিনা খোপা।
একেটি বটাতে  তামোল খাই আহিছোঁ,
 তোমাৰে নিচিনা ডেকা॥ ৪২১।

ঢাপৰ জলকীয়া  চাপৰ, মোৰ চেনাই ঐ,
 ঢাপৰ জলকীয়া চাপৰ।
লোকৰ লগৰীয়া  দীঘলে-ডাঙৰ ঐ,
 আমাৰ লগৰীয়া চাপৰ॥ ৪২২।

টেমিটি পৰিলে,  ঘিটিঙাই বাজিলে,
 কটাৰি পৰিলে ধাৰে।
চিয়াঁৰৰ কথাকে  বুজিব নোৱাৰাঁ,
 কেলৈ তুলিলে মাৰে॥ ৪২৩।

তুমি থাকাঁ সিপাৰে,  মই থাকোঁ ইপাৰে,
 দিখৌত নাইকিয়া সাঁকো।
কোনে আনি দিব  ৰাঁচ-দোৰপতি,
 কোনে দি-এ যাব মাকো॥ ৪২৪।

ঢাৰি পাৰি থেৰেজু  লেখোঁ, ঐ লাহৰী
 পাটি পাৰি থেৰেজু লেখোঁ।
তোমাৰে নিচিনা  মিঠা বৰণীয়া
 ৰাতি সমাজিকত দেখোঁ॥ ৪২৫।

আজি যোৱা ৰাতি  সপোনত দেখিলোঁ,
 লগত খাই আছিলে ভাত।
তোমাৰে নিচিনা  মিঠা বৰণীয়া,
 গাত দি আছিলোঁ হাত॥ ৪২৬।

উলু বনৰ সিহৰি,  ডিবুৰুৰ জীয়ৰী,
 কেনেকৈ মিহলি হলা।
লখীমপুৰ চহৰৰ  পিলিঙা ডেকাটি,
 কেনেকৈ চিনাকি হলা॥ ৪২৭।

ভাটিলৈ ভটিয়াই  নাযাবা অকলে,
 শুকান পিঠাগুড়ি খাই।
কোনোবা দেশতে  হুলে-জোঙে ফুটিব,
 তোমাৰ লগত কান্দোতা নাই॥ ৪২৮।

মোৰ লগত কান্দিব  আয়ে বোপায়ে
 কান্দিব সোদৰৰ ভাই।
বেইতা তিৰিয়ে  ডিঙিত ধৰি কান্দিব,
 পৰৰে দেশতো পায়॥ ৪২৯।

তোমাক যে লাহৰী,  কলোঁ ভাল কৰি,
 কপাহৰ বাচিবাঁ জোলা।
লবলৈ লাগিব  জপাৰ বৰ কাপোৰ,
 নিবলৈ লাগিব দোলা॥ ৪৩০৷