“টেটোন তামুলি”ৰ বিষয়ে অসমীয়া ৰাইজে আগৰেপৰা ভালকৈ জানে। এই বিষয়ে এফেৰিমান বঢ়াই কবলৈ গলেও অতিৰঞ্জিত হোৱাৰ হে ভয়। গতিকে, ৰাইজৰ মূলবস্তুত কোনো লৰচৰ নঘটাই, তাক নাটমন্দিৰত উলিয়াব পৰাকৈ সজোৱা হল মাখোন। কিন্তু লিখকৰ কাল্পনিক সাজপাৰে যে মূলচিত্ৰৰ আচল জেউতিত অলপ হীন-ডেঢ়ি ঘটাইছে, সেইটো তেওঁ স্বীকাৰ কৰে; আৰু সেইবাবে ৰাইজৰ ওচৰত তেওঁ ত্ৰটী মাৰ্জ্জনা বিচাৰে।
“টেটোন”ৰ চিত্ৰ সুবিধাকৈ তিনি ছোৱাত ভগাই, তাৰে এই আদিছোৱা আগধৰি আগবঢ়োৱা হৈছে; সময় আৰু ছেগ পালে, মাজ আৰু শেহ ছোৱা পাচত উলিয়াবলৈ বাঞ্ছা থাকিল। কিন্তু অসমীয়া ‘ষ্টেজ’ত ধেমেলীয়া নাটকৰ বৰ্তমান যেনে অভাৱ, তালৈ চাই, এই লিখকে সেই সময় আৰু ছেগ পোৱাৰ আগেয়ে যদি কোনোবা সুলিখকে বাকী দোছোৱা হাতত লয়, তেন্তে সি অতিশয় আনন্দৰ বিষয় হব। ইতি
১৭ আহিন, ১৮৩১ শক। |
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা |
এইবাৰ আগৰ তাঙৰণৰ ছপা-ভুল আৰু বৰ্ণাশুদ্ধি আশোঁৱাহ পাৰ্যমানে শোধন কৰা হৈছে; আৰু নাট-মন্দিৰৰ সুবিধা বঢ়াবৰ অভিপ্ৰায়ে নাটৰ গোটাদিয়েক দৃশ্যৰ যৎসামান্য লৰচৰ কৰি, গোটাদিয়ে নতুন দৃশ্য লগাই দিয়া গৈছে।
ভাদ, ১৮৬২ শক। |