এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰী৺শঙ্কৰদেৱ।
চৌদ্ধশ উনপঞ্চাশ খৃষ্টীয় শকত,
উপজিলা তুমি গুৰু সংসাৰ ক্ষেত্ৰত।
দুদিনতে লিখি পঢ়ি জ্ঞান পালা সংসাৰৰ,—
আচল নিখুত বস্তু ‘ধৰমহে’ মানুহৰ।
সেই অৰ্থে তুমি গুৰু মন প্ৰাণ সপি দিলা.
এক ঈশ্বৰত বিনে সকলোকে পাহৰিলা।
লুপ্ত প্ৰায় বৈষ্ণ্য ধৰ্ম্ম পুনু তুমি প্ৰতিষ্ঠিলা,
তোমাৰ মাহাত্ম্য দেৱ জগতক দেখুৱালা
কীৰ্ত্তন, দশম, স্কন্ধ আদি পুথি আসামৰ,
ৰচিলা, ভাঙিলা দেৱ হেতু পাপ মোচনৰ।
তৱ মাহাত্ম্যৰ কথা নোৱাৰো বৰ্ণাব হায়,
অধম, মূৰুখ আমি সিমান শকতি নাই।
দানিলা সুধৰ্ম্ম দেৱ চকুৰি বছৰ থাকি,
স্বৰ্গগামী হলা পাচে নাৰাখি একোকে বাকী।
দিয়া আশীৰ্ব্বাদ দেৱ বৈকুণ্ঠ ধামৰপৰা,
হবল'ই মোৰ মন ধৰ্ম্মত একাঠি চৰা।
১৯২৪