পৃষ্ঠা:জ্যোতি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(8)

মহাধৰ্ম্মী, মহাকৰ্ম্মী, মহাবীৰ হ’ই,
কৰিলে যাকেই শ্ৰেষ্ঠা সকলোতক'ই;
 অৱতাৰ শ্ৰীকৃষ্ণ,
 প্ৰহ্লাদ মহা বৈষ্ণ্য,
লভিলে য’তেই জ্ঞান সমস্ত বিশ্বৰ,
সেয়ে মোৰ জন্মভূমি আৰ্হি জগতৰ।

(৫)

ভাতৃ প্ৰেম-ডোল বদ্ধ ৰাম-লক্ষ্মণৰ,
য’তেই জনম স্থান আৰু ৰাৱনৰ
 সীতা আৰু দময়ন্তী,
 আসামৰ জয়মতী,
মহাসতী সকলৰ জনম যতেই,
মনোৰম শ্ৰেষ্ঠা মোৰ জন্মভূমি সেই'

(৬)

বীৰ প্ৰসৱিনী নাম যিখনি দেশৰ,
নানান্ ধাতুৰ আছে যতেই আকৰ,
 তেৱেঁ জন্মভূমি মোৰ,
 বৰ্ণনাৰ নাই ওৰ,
পৃথিবী পূজিতা দেখি, চেনেহৰ আই,
দিয়া যেন জ্ঞান-জ্যোতি পুত্ৰক বিলাই।

১৯২৬