এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(8)
আমিও পথিক আজি ইহ ভৱ-সংসাৰত,
আন্ধাৰ চাৰিও পিনে জোনাকৰ লেশো নাই;
জ্যোতি, বিৰাজ কৰি এই মহা আন্ধাৰত,
জ্ঞান-জ্যোতি দান কৰি দিয়া পথ দেখুৱাই।
(৫)
অতদিন জ্যোতি-শূন্য কণাৰ নিচিনাক’ই,
নেদেখি পোহৰ ক’তো আন্ধাৰতে আছোঁ পৰি;
আলোক দিওঁতা নাই অন্ধকাৰ যাবল’ই
তোমাৰ বাহিৰে জ্যোতি, জ্ঞান আলো দান কৰি।
(৬)
(মোৰ) তব জেউতিত যেন গোটেই আন্ধাৰ ভূমি,
পোহৰেৰে পূৰ্ণ হয় এয়ে মাখো ভাৱন।;
থাকিবা সদায় জ্যোতি, পোহৰ বিলাই তুমি,
ঈশ্বৰৰ ওচৰত এয়ে শেষ কামনা।
১৯২৫