পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাতনি। (সমাজিক) চ'ত মাহ। প্রকৃতি ধায়ে ছমহীয়া টোপনিৰ পৰা খমক, কৰে উঠি আলাসৰ লাব, কোলাৰ কেচুরা, মৰমৰ সন্ততি, ‘পথিবীক' লাহৰী হাতেৰে অকোৱালি ধৰি পতৌ কৰিছে। খৰালিৰ খচকনিত ঠেতুৱা ধৰি পেপুৱা লাগি থকা পথিবীৰ-গাৰ-নােম, গছগছনি বিলাকৰ অহ-পাঁহ মুকলি হৈ ঠন ধৰি ধৰি উলাহতে শিয়ৰি উঠিছে; আৰ, সেই বাবেই সিহ'তে যেন নিফুট মাতেৰে গুণগাই ধামাকৰ নথৈ শলাগ লৈছে। লগে লগে প্রকৃতিৰ ঘাই গিৰীহত বি-খনিকৰক অজিলিয়ে অাঁজলিয়ে ৰঙা, বগা, সেউজীয়া, হালধীয়া নানা তৰহৰ। ফুল দি হিয়া-তলি উদিয়াই যেন ভকতি জনাইছে আৰু বতাহৰ হেন্দোলনিত নিমিষে নিমিষে যেন মৰে দোৱাঁই দোৱাই তেওঁক সেৱা কৰিছে। ফলে বিলাকেও এনে মৰমীয়াল ঘাই গিৰীহতৰ উছৰ্গত নেওচা যাবলৈ পাই যেন ইপাহে সিপাহৰ গাত ঢলি ঢলি পৰি আনন্দ জনাইছে; মলয়াৰ বােকোচাত এবাৰ ওপৰলৈ উঠি এবাৰ তললৈ নামি ধেমালিতে উত্ৰাৱল হৈছে;-আৰ, সেই উলহমালহতে যেন তেওঁবিলাকৰ জগত মােহিনী হাঁহিৰ পােহৰে প্রকৃতি ৰাণীৰ গাতাে জেউতি চৰাইছে। মৌ-পিয়া, টুনী, বলবলী, ফেচুলকা, সখিয়তী আদি কৰি নানা বৰণৰ ৰঙিয়াল চৰাইবিলাকে আৰ, ধেমেলীয়া টটাটিঙা কলীয়া ভােমােবাই ফল- কুৱৰী সকলৰ সেই আলহ-উদ্গত মন বান্ধিব নােৱাৰি চিলা থপিয়াদি থপিয়াই সুখৰ এভাগ এভাগ কাঢ়ি লৈ দুৰৈলৈ পলাইছে। তাতে যেন ফলৰাণী সকলে মুখ আমােলাই চকু টলটলীয়া কৰি মৰে জোকাৰি পিছ ফালৰ পৰা অতি কোমল লে-নীয়া মাতেৰে ‘ বাবু'বলি আগলৈ হমিয়াই থৈছে। কিন্তু সেই হমিয়নিও যেন ৰহস্যৰ হে, বেজাৰৰ নহয়। যেনিয়ে চাই পঠিয়াওঁ দেখিবলৈ পাওঁৰঙ, আনন্দ আৰ, উলাহহে মাথােন; কেনিও যেন আমন-জিমন, দুখ-বেজাৰৰ গােন্ধভাঁপেই নাই। বতৰোঁ সদায় ফৰকাল। ৰ'দালীয়েও নেৰানেপেৰাকৈ পথিবী খনিক ৰহনাই আছে। (কেতিয়াবা কেনেবাকৈ) ছেগাচোৰৰকাকৈ ডাৱৰে শুইন আকাশত একোবাৰ গােটপিট খায়,হঠাৎ গিগিৰ কৰে এজোলােকা বৰষুণ পেলায়; কিন্তু ততালিকে আকৌ নাইকিয়া হয়। | এনে ৰাঙঢালী চ'ত মহীয়া এদিন ভৰপৰীয়া মােক দহ-মাহ-দহ-দিন-গভত- ধাৰণ-কৰা মৰমৰ আয়ে লৰালৰিৰ পে-পে-জে-জে আৰ, ঘৰুৱা আলৈ-আহ-