পৃষ্ঠা:জ্ঞান-মালা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 আমাৰ অসমীয়া ভাষাত সৰল নীতিপূৰ্ণ কিতাপৰ বৰ অভাব; ‘সাধুৰ’ আকাৰে উপদেশ দিয়া সৰল ভাষাৰ কিতাপে লৰাক যিদৰে উপদেশ দিযে সেইদৰে মনত আনন্দও দিযে; আৰু যি কামটো আমি ভালপাওঁ তাক সহজে শিকিব পাৰে। আৰু বহু কাল মনত থাকে ইয়াকে মনত ৰাখি সৰল মাত উপদেশ দিবৰ অৰ্থে এই পুথি লিখা হল। কিন্তু কিমান দূৰ সফল-কাম হব পাৰিছোঁ তাক কব নোৱাৰো। ইংৰাজী ভাষাৰ সৰু সৰু লৰা ছোবালীৰ কাৰণে লিখা কিতাপ বিলাৰ সকলোৰে আদৰ্শৰ যোগ্য। এই পুথি খনিও ইংৰাজী পুথিৰ ছায়ালৈ লিখা হল আৰু ভালেমান সাধু ইংৰাজী সাধুৰ পৰা অনুবাদ কৰা হইছে। সমশেষত শ্ৰীযুক্ত গৌৰীকান্ত তালুকদাৰ ডাঙ্গৰীয়াক কিতাপ খন ছপা কৰাৰ আৰু আন আন সকলো কামৰ ভাৰ লোৱা বাবে মোৰ অন্তৰৰ কৃতজ্ঞতা নজনাই থাকিব নোৱাৰিলো।