ধানবোৰৰ এনে বিলাই দেখি খেতিয়ক জনে মনে মনে ঘৰৰ ঘৈণী ও চাকৰ বোৰৰ ওপৰত বৰ বিৰক্ত হল; কিন্তু বৰ দুঃখে ভাগৰে ঘৰ পাই ভাবিলে “আজি আৰু থাকক, বৰ ভাগৰি পৰিছোঁ গধূলিও হল, কালি পুৱাই উঠিয়েই অনাম। প্ৰায় সকলোৰে ধান দেখোঁ পৰি আছে মোৰ বোৰ ইমান দিন পৰি আছিল যেতিয়া আৰু এৰাতি পৰি থাকিলে একো নহয়।” এই ভাবি খেতিয়ক জনে হাত ধুই অলপ বিশ্ৰাম লবৰ কাৰণে পাটী ঢৰা পাৰি ললে। এনেতে মনত হল উকিলেনো কাকতখনত কি উপদেশ লিখি দিছে চাওঁচোন এই ভাবি কাকতখন জেপৰ পৰা উলিয়াই চাই দেখে যে তাত ডাঙ্গৰ ডাঙ্গৰ আখৰেৰে লিখা আছে “যিটো কাম আজি কৰিব পাৰা কালিলৈ সেইটো কাম পেলাই নথবা।” কাকতৰ লিখা পঢ়িয়েই খেতিয়ক জনৰ মন উলটি গল। দুখ ভাগৰ সকলোকে কাতিকৈ,লগুৱাবিলাকক লগত লৈ ততালিকে ধান আনিবলৈ পথাৰলৈ লৱৰিলে। সকলোৱে গোট খাই কাম কৰাত এন্ধাৰ হোৱাৰ আগেয়েই সকলো ধান আনি শেষ কৰিলে।
কিন্তু কি আচৰিত মানুহে গধূলিবেলা যদিও বৰষুণৰ একো চিন নেদেখিছিল, যদিও ডাৱৰৰ সঁচ