উত্তৰ দিয়াৰ আঁতবোৰ চোন হেৰাই গৈছিল। তথাপি মই ক'লো—মৰমৰ মানুহবোৰক পাহৰিব নোৱাৰি খুড়ীদেউ।
সৰু মুঢ়া এটা আনি তেখেতো মোৰ আগতেই বহি ল'লে। সাতোটা বছৰৰ বুৰঞ্জী ক’লে খুড়ী দেৱে। মই মোৰ জীৱনৰ বহুত অভিজ্ঞতাৰ কথা পাতিলোে। বহু সময় আমি পাৰ কৰি দিলো কথাৰ মাজত।
“আমাৰ দুৰ্ভাগ্যৰ কথানো কি ক’বা প্ৰশান্ত?”
খুড়ীদেউৰ চকুকেইটা হঠাৎ চলচলীয়া হৈ পৰিল। চাদৰৰ আচলটোৰে চকু কেইটা মোহাৰি মোহাৰি ঠোকাঠুকি মাতেৰে খুড়ীদেৱে আকৌ আৰম্ভ কৰিলে—
ঢুকাবৰ সময়ত তেখেতে তোমাক খুব বিচাৰিছিল।
বুজি পালো-খুড়াদেউৰ কথাকে ইঙ্গিত কৰিছে। তাৰ ডেৰ বছৰ মান আগতে এদিন ভাইটোৰ এখন চিঠিত এই খবৰটো পাইছিলোঁ।
নানান চেষ্টা কৰিও খুড়ীদেৱে অবাধ লোটকবোৰক ৰোধ কৰিব নোৱাৰিলে। কান্দোনৰ মাত্ৰা বেছি হৈ যোৱাত এৰাৰ তেখেতে নিজেই ভিতৰলৈ উঠি গ'ল।
দুচকু চল্চলীয়া লোটকেৰে সৈতে ওলাই আহিল বকুলী। মুখত অস্পষ্ট ভাষাৰ বুদ্বুদনি। চাৱনিত তাইৰ হাজাৰ কথাকোৱাৰ হেপাঁহ। কান্দি কান্দি ৰঙা হৈ যোৱা চকু দুটাৰ পৰা ধাৰাষাৰে তাইৰ লোটক পৰিছিল। কলিজাখন মোৰ কঁপা কঁপা যেন লাগিল। নিঃসহায় কাৰুণ্যভৰা বকুলী জনীৰ মুখলৈ চাই চাই তাইক সাৱটি ধৰিবৰ হেপাঁহ জাগিছিল।
“ইমান বিপদৰ সময়তো তুমি এবাৰ নাহিলা প্ৰশান্তদা—এখন চিঠিও তুমি নিদিলা! তোমাক যে দেউতাই ইমান বিচাৰিছিল!”
প্ৰথমবাৰৰ কাৰণে জীৱনত সেইদিনা বকুলীক মই ক্ষমা খুজিছিলো। নাজানো তাই মোক ক্ষমা কৰিব পাৰিলেনে নাই।
“সেই কুলক্ষণীয়া সন্ধিয়াটোৰ কথাবোৰ হয়তো পাহৰি যাব নোৱাৰিলা। আজিও জানো তুমি মোক সেই অপৰাধ খিনিৰ বাবে ক্ষমা কৰা নাই প্ৰশান্তদা!” কান্দি কান্দি বকুলীজনী বাউল হৈ পৰিছিল তেতিয়া।
প্ৰশান্ত অলপ থমকি ৰ’ল। কিবা এটা লুকুৱাৰ চেষ্টা যেন চকুৱে মুখে ফুটি উঠিছিল।
“কৈ যোৱানা প্ৰশান্ত, ৰ’লা কিয়?” সেই কুলক্ষণীয়া সন্ধিয়াটোৰ কথালৈ প্ৰশান্ত ঘূৰি গ'ল।
এতিয়া সেই সাতোটা বছৰৰ আগৰ জীৱনী শুনা অনুজ্জল। অত্যন্ত অপমানত দগ্ধ হৈ সেইদিনা সন্ধিয়া বকুলীহঁতৰ ঘৰৰ পৰা ওলাই আহিছিলো। বকুলী তেতিয়া ৫ম কি ৬ষ্ঠ মান শ্ৰেণীত আছিল—মই দশম মানত। সৰুৰে পৰাই অতি ঘনিষ্টতাৰ বাবে বকুলীহঁতৰ পৰিয়ালটোৰ লগত খুব আপোন হৈ পৰিছিলো। সেইবাবেই বকুলীৰ মাক দেউতাকক খুড়াদেউ খুড়ীদেউ বুলিয়েই