সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্মৃতি


 শ্ৰীতুচন কুমাৰ গগৈ (দ্বিতীয় বাৰ্ষিক : কলা)}}

বৰ্ষামুখৰ কোনো এক বিষণ্ণ সন্ধিয়াৰ শেষত
মোৰ পদূলী মুখৰ গধূলি গোলাপৰ
ফুলি উঠা পাপৰিবোৰৰ হাঁহিৰ চিম্ফনী শুনি
নিঃসঙ্গ মোৰ আতুৰ আত্মাটোৱে যদি
বিনাই উঠে—
“তুমি নব নব ৰূপে এসো প্ৰাণে
 এসো গন্ধে এসো বৰণে”.. ।
তুমি জানো আকৌ আহিবা ঘূৰি, হে নবীনা
জীবনত যাৰ বসন্তৰ মৃত্যু ঘটিছে—
অস্তিত্বও যাৰ ছাই হৈ গৈছে, তাৰ
বাবে জানো—বাসন্তী স্বাগতমা?
সময়ে সাধুকথা কোৱা নাই।
আন্ধাৰে তোমাৰ চুলিৰ অৰণ্য
ধুসৰ কৰা নাই।
তেন্তে কাৰ অভিশাপ কোৱাচোন মনোৰমা ;
সোণ বৰণীয়া দেহৰ বৰণ
মামৰেৰে হল মুমূৰ্ষ?
হাঁহি ৰঙা ওঁঠটিত বাৰু কাৰ
চেচাঁ চুমাৰ পৰশ লাগিল?
স্বপ্ন নীলিম নয়ন তৰা দুটিত
উদিলে কিয় কামনাৰ
দুৰন্ত জোন?
জানো মনোৰমা! সেই বোৰ অবান্তৰ প্ৰশ্ন—
সুপ্তি মগ্না ধৰণীৰ ধমনীত আজি
পথ ভ্ৰষ্টা হাজাৰ ৰঙিন গণিকাৰ
গান হল মুখৰিত —।
“প্ৰেমত আৰু পোহৰ নাই।”