পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উপলব্ধি

নিত্যানন্দ বড়া ( প্ৰথম বাৰ্ষিক : কলা )

এটা শৰতৰ অচিন ৰাতি
কাজল ক'লা আকাশত
কোনো দুৰ্ভগীয়াই অলেখ তৰাৰ পোহাৰ মেলিছিল
পুৱা দেখিলো শেৱালি জোপাৰ তলত
ৰাতিটোৰ স্বৰ্ণোজ্জ্বল তৰাবোৰ আৱস হৈ সৰি আছে।
হায়! কল্পনা!
দূৱৰি বোৰৰ আগৰ পৰা টপ্ টপ্ কৈ
নিয়ৰৰ টোপাল সৰিছিল।
ৰাতিৰ আকাশত তৰাৰ দোকান দেখি ভৱিছিলো
কুঁৱলীৰ চুমা লাগি শেৱালিৰ পাহি চিগে য'ত
তোমাৰ প্ৰেমদিপ্ত হাঁহিটিও তন্দ্ৰা যাব তাত।
হয়্! কামনা!
কুঁৱলী জাকৰ মাজৰ পৰা।
বেলিটো উন্মাদ গতিত ওলায় আহিছিল৷
পৃথিবীৰ ককৰ্থনাত ৰক্তোজ্জ্বল মুখ খনো
 একেবাৰে শ্ৰেত পৰি গৈছিল
তেতিয়া মাত্ৰ মোৰ মনটো তন্দ্ৰাৰ যাদুঘৰৰ পৰা
 ঘূৰি আহিছিল।
ৰাগীত মগ্ন জীৱনৰ উশৃঙ্খলতা বোৰৰ
ইমান জুমুৰি উঠিছে আজি!
মাফ কৰিবা দেই
সপোনৰ বুটা বাচি নকৰিম আৰু সেই
জীৱনত কৰি যোৱা ভুল।