পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
প্ৰকাশকৰ নিবেদন

অসমীয়া সাহিত্য থাকে মানে “জিলিকনি” লেখকৰ পৰিচয় নিদেলেও হব। আজি তেওঁৰ উদাৰ হৃদয়ৰ আভাস দিবলৈহে প্ৰকাশকৰ এই যৎকিঞ্চিৎ নিবেদন।
 সদৌ অসমীয়া ৰাইজৰ আদৰৰ জৰ্জ্জ ইনষ্টিটিউচনৰ সহায়ৰ কাৰণে স্বত্ব আৰু উপস্বত্ব দানকৰা বাৰে সুকবি ৰায়সাহাব' শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱলা ডাঙৰীয়ালৈ স্কুলৰ হৈ এই শলাগৰ শৰাই আগবঢ়াই কৃতজ্ঞতা প্ৰকাশ সুযোগ পাই মনত আনন্দ লভিলোঁ।
 আজি কেবা বছৰৰ পৰা টেষ্ট্‌টবুক্‌ কমিটিয়ে পুথিখনি অসমৰ স্কুলবিলাকত পাঠ্যস্বৰূপে চলিবলৈ মঞ্জুৰ কৰি আহিছে। আশা কৰোঁ স্কুল-কৰ্তৃপক্ষ্য সকলেও এই পুথি খনি নিজ নিজ স্কুলত চলাই জৰ্জ-ইন্‌ষ্টিটিউচনৰ যৎকিঞ্চিৎ উপকাৰ কৰে। এয়ে তেখেতসকলৰ ওচৰত আমাৰ বিনীত প্ৰাৰ্থনা।
 এইবাৰ পুথিখনিৰ কলেবৰ বঢ়াত আৰু দুৰ্ম্মূল্যতাৰ দিনত ছপাওঁতে আগতকৈ বেছি খৰছ পৰাত আমিও