পৃষ্ঠা:জয়মতী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
জয়মতী।

জয়া।— (কান্দি কান্দি) নেদেখিলোঁ পোন দুটি!

পদ্মা।— (বৰকৈ কান্দি) আহিছিল দুয়ো;
 ৰাজ-অনুমতি বিনে নাপালে প্ৰৱেশ।

জয়া।— দেহি, ঐ, নাপালে প্ৰৱেশ!
 (হিয়াত ভুকুমাৰি লুটি খাই পৰে, ৰাজমাও
 আৰু পদ্মা দুয়ো ধৰি তোলে)।

ৰাজমাও।— উঠাঁ বাছা মোৰ।
 নকৰিবাঁ খেদ আৰু কি হব কান্দিলে।
 নিজে তুমি জ্ঞানৱতী, কি দিম বুজনি।—
 তোমাৰ যশস্যাৰাশি, বাটে-ঘাটে কত
 গাইছে ৰাইজে আজি।

পদ্মা।— দেখা দি বঢ়ালোঁ খেদ,
 মই অভাগিনী! ক্ষন্তেক মিলন সুখ
 লভিবৰ গুণে, নুমুৱা অগনি আহি
 জ্বলালোঁ প্ৰাণত।

জয়া।— নকৰাঁ আক্ষেপ সখি!
 নুদুষিবাঁ ভাগ্য তৱ, অভাগিনী হেতু।
 শোকৰ নিজৰ মোৰ বোৱাই ক্ষন্তেক,
 হইছোঁ সুস্থিৰ।

ৰাজমাও।—বিপদত ধৈৰ্য্য ধৰা
 তোমাৰে সুগুণ; বইছে যশস্যা তাৰ
 ৰাজ্য জুৰি আজি। ঘৰে ঘৰে পটন্তৰ,
 হলাঁ তুমি বাছা!