পৃষ্ঠা:জয়মতী.pdf/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩৭
জয়মতী।

ন্যায়-ফুকন।— আৰু এটি কব লাগে,—
 নিৰাপদ এবে ৰজা; নাই গদাপাণি,
 গল তেওঁ ৰাজ্য এৰি। আৰু যতমানে
 আছিল কোৱঁৰ যোগ্য, হল অঙ্গক্ষত;
 নাই আন ভয় আৰু, আছোঁমানে আমি।
 কিন্তু, পীড়ে যদি সতী, বাঢ়িব বিপদ,
 ধ্ৰুৱসত্য কথা; নৰ'ম সহায় আমি
 নৰব সহায় কেওঁ কু-মন্ত্ৰীত বাজে।

ৰাজমাও।—স্বৰূপ কইছা তুমি।
 যিমতে বুজাব পাৰোঁ, বুজাম নিশ্চয়,
 সাধ্য যতমানে। কিন্তু, তুমি ন্যায়-মন্ত্ৰী,
 নহবাঁ বিতুষ্ট। লৰামতি লৰা-ৰজা
 ঘূৰিব আমাৰ বাটে। ঘূৰিব নিশ্চয়,
 তোমাৰ সহায় পালে। মাতিছোঁ লৰাক
 আজি দুপৰত।

ন্যায়-ফুকন।— কৰাঁ মাও, যিবা হয়, মাতৃৰ উচিত।
 ফলে যেন আশা মোৰ ৰাজ্যৰ মঙ্গল;
 পৰে যেন ৰক্ষা আৰু সতীৰ সম্মান।
 —মাগিছোঁ বিদায় এবে। (ফুকনৰ প্ৰস্থান)

ৰাজমাও।— যোৱাঁ ডাঙ্গৰীয়া! (নীৰৱ)
 নেৰিবাঁ মন্ত্ৰণা তৱ, নহবাঁ হতাশ।
 বুজাওঁ কিমতে হয়, অবুজ সন্তান!
 নামানি বন্ধুৰ কথা, হিত উপদেশ,
 হইছে উন্মত্ত আজি শতুৰু লগত।