সমললৈ যাওক

পৃষ্ঠা:চিলাৰায়.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
 

 আহোমে সুচাৰুচান্দক বেহাৰৰ ৰজা পতা কথাতেই কোচৰাজে অপমান বোধ কৰে আৰু তাৰ পোতক তুলিবলৈ আহোম ৰাজ্য আক্ৰমণ কৰে। এই অভিযান চলোৱাৰ লগে লগে চিলাৰায়ে ভায়েক গোহাঁইকমলৰ হতুৱাই ৰাজধানীৰপৰা উত্তৰ পাৰেদি পৰশুৰামকুণ্ডলৈ এটা ডাঙৰ আলি বন্ধায়; আৰু সেই আলিয়েদি ভীমবল আৰু বাহুবল সেনাপতিৰ অধীনত স্থল ৰণুৱা আৰু ব্ৰহ্মপুত্ৰেদি ভক্তমল আৰু টেপুৰ অধীনত পানীৰণুৱা চলায়। বুৰঞ্জীৰপৰা জনা যায়, এই অভিযানৰ স্থল- ৰণুৱাৰ সংখ্যা বাৱন্ন হাজাৰ আছিল। ভুটীয়াসকলেও এই যুদ্ধ-যাত্ৰাত যোগ দিছিল। বৰসেনাপতি শুক্লধ্বজ স্থলপথে যাত্ৰা কৰিছিল আৰু ঠায়ে ঠায়ে বিগ্ৰহ স্থাপন কৰি দেৱালয় পাতি গৈছিল। সৈন্য সমষ্টিৰ শেষত মহাৰাজ নৰনাৰায়ণ মহাৰাণী ভানুমতীৰ সৈতে যাত্ৰা কৰিছিল। যুৱৰাজ শুক্লধ্বজ হাতী বা ঘোঁৰাত বগা পোচাকেৰে যাত্ৰা কৰিছিল। এই যাত্ৰাৰ চিন স্বৰূপ দৰং ৰাজ-বংশাৱলীত বহুত চিত্ৰ দিয়া আছে। বুৰঞ্জীৰপৰা জনা যায়, শুক্লধ্বজে তেজপুৰৰ ওচৰৰ ভৰলী নদী ঘোঁৰাৰে জপিয়াই পাৰ হৈছিল; এই কাৰণে সৈন্যসমষ্টিয়ে তেওঁক “চিলাৰায়” নাম দিয়ে।