সমললৈ যাওক

পৃষ্ঠা:চিলাৰায়.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
 

 বুৰঞ্জীত বিশ্বসিংহৰ ঊনৈশ জন পুত্ৰৰ নাম উল্লেখ দেখা যায়। বিশ্বসিংহই এই পুত্ৰসকলৰ ভবিষ্যত কৰ্ম নিৰূপণ কৰিবলৈ কিছুমান বস্তুৰ টোপোলা বান্ধি একোটা টোপোলা একোজন পুত্ৰক নিবলৈ আদেশ কৰে। এইবোৰ টোপোলাৰ যিজনে যি নিলে, ভবিষ্যতে তাকেই পাব বুলি তেওঁ আদেশ দিছিল। প্ৰথম পুত্ৰ নৰসিংহই সোণ পোৱা দেখি তেওঁক বিদেশলৈ যাবলৈ, নৰনাৰায়ণে মাটি পোৱা দেখি নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে লো পোৱা দেখি তেওঁ “ৰণধৰ্ম” পালন কৰিবলৈ আদেশ পাইছিল।

 নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্যকালত বাৰাণসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা শিক্ষা কৰে। বাৰাণসীত এওঁলোকে হিন্দুৰ বেচিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ বিদ্যা শিক্ষা কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠে।

 ১৫৩৩ খৃষ্টাব্দত বিশ্বসিংহ স্বৰ্গী হয়;এই সময়ত নৰনাৰায়ণ-চিলাৰায় বাৰাণসীতে আছিল। পিতৃ স্বৰ্গী হোৱাত প্ৰথম পুত্ৰ কুমাৰ নৰসিংহ পিতাকৰ সিংহাসনত বহে। নৰনাৰায়ণ-চিলাৰায়ৰ “ৰতনী ধাই” নামে এজনী ধাইমাক সেই সময়ত ৰাজ-অন্তঃপুৰত আছিল;এওঁ