সমললৈ যাওক

পৃষ্ঠা:চিলাৰায়.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
চিলাৰায়
 

কৰিবলৈও তেওঁ শক্তি প্ৰয়োগ কৰিব জানিছিল। তেওঁ অপৰিমিত শক্তি লাভ কৰি দিগ্‌ বিদিক জয় কৰিলেও জ্যেষ্ঠ ভাইৰ আজ্ঞাবহ দাসত্ব আনন্দেৰে মানি লব পাৰিছিল। তেৱেঁই ৰাজ্যৰ ঠায়ে ঠায়ে নানাবিধ খেতিৰ ব্যৱস্থা কৰাইছিল। তেওঁৰ পৰামৰ্শমতে ৰচিত হোৱা ৰাজ-আইনৰ ফলত দেশত এলেহুৱা-অকামিলা মানুহৰ সংখ্যা কমি গৈছিল আৰু ৰাজ্যৰ বেচি ভাগ প্ৰজাৰেই শিক্ষালৈ ধাউতি হৈছিল।


সমাপ্ত