পৃষ্ঠা:চিন্তা-কলি.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
চিন্তা-কলি।

দিয়াবলৈ এছাৰিৰ নিচিনা দৰব নাই। সেইদৰে জঁইপৰা উৎসাহক জীৱ দিবলৈ অৰিয়া-অৰিৰ নিচিনা দৰব নাই। তাতকৈ উধাব লাগে, এই ভাবে পুৰুষাৰ্থৰ তেজ বঢ়ায়। ঠেক মনত অৰিয়া-অৰিয়ে অগুণ কৰে। সি নিজে উধাব নোৱাৰি আনৰ বাটত পাঁজি পাতে। ই বিপৰ্য্যয় বুদ্ধি। ই ঠেক মনতহে ঠাই পায়।