সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
চিন্তা-কলি

মেল খায়, তৎক্ষণাৎ কথাবাহিনীৰ ভিতৰত ওলাবলৈ উথপ্‌থপ্ উদাপদুমা লাগি যায়। তেতিয়া সি কোনটোক ধৰি ৰাখিব? এইদৰে সি তো আহুকালৰ পৰা সাৰিল, কিন্তু শুনোতাৰ ফালে কেনে? তপত তেলত দিয়া কাৱৈ যেনে। বহুবল্কীৰ পেটৰপৰা ওলাই আহি শুনোতাৰ পেটত কথাবোৰে জুমুৰি পাতে আৰু গিজ্‌গিজাবলৈ ধৰে। এনে গিজ্‌গিজনি সহে কোনে? গতিকে শুনোতাৰ ভাগত ধৰফৰণি।