সমললৈ যাওক

পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
চিকাৰ কাহিনী

 তথাপিও মিকিৰৰ বেৰ নোহোৱা ভঙা ঘৰত সোমাই চিকাৰৰ সপোন দেখা যায়। এদিন নহয়, দুদিন নহয়; এমাহ নহয়, দুমাহ নহয়; এবছৰ নহয়, দুবছৰ নহয়; আজি কুৰি-পঁচিশ বছৰে বাৰিষা খৰালি অশেষ দুৰ্যোগ উপেক্ষিও এই ঠাইলৈ আহি আছোঁ। কাৰণ,চহৰৰ কোলাহলত ত্যক্ত-বিৰক্ত হলে, ঘৰৰ জঞ্জালে সুখ-শান্তি নাইকিয়া কৰিলে মনত পৰে দীপৰলৈ, মনত পৰে চকৰদৰ পৰ্বতলৈ,মনত পৰে শ্ৰীমান টাবাক মিকিৰৰ ভঙা পঁজালৈ আৰু মনলৈ আহে কুৰুৱাৰ ডাকে কলা ঘুমটিত জগাই দিয়া চিকাৰৰ বাতৰি, হাতীৰ চিঞৰ আৰু বাঘৰ হাওৰণি। সকলোকে পাছ পেলাই আৰু মনত পৰে দুখীয়া হোজা মিকিৰৰ হিয়াভৰা অকৃত্ৰিম প্ৰীতিলৈ।

 চিকাৰলৈ আহিলে পুৱতি নিশা তিনি-চাৰি বজাৰ ভিতৰত উঠিবই লাগিব, নহলে চিকাৰ মিছা। এবাৰ ঘড়ীটো পাহৰি এৰি থৈ আহিছিলোঁ; খঙে, ক্ষোভে চিকাৰৰ উৎসাহ দমাই দিয়াত বৃদ্ধ মিকিৰ স্বৰ্গীয় কাতিৰাম ওৰফে কাতি চৌকিদাৰে দুখভৰা হাঁহি লৈ আশ্বাস দি কলে,—“মোৰ এটা ঘড়ী আছে, আনি দিম। তই একো চিন্তা নকৰিবি।” তাৰ ঘড়ী থকা শুনি অলপ আচৰিত হলোঁ। তথাপিও আশীবছৰীয়া বৃদ্ধ মিকিৰৰ কথা মানি ললোঁ। নিজে বন্দুক মৰা দেখা নাই, কিন্তু তথাপি তাৰ দৰে চিকাৰৰ আওভাও জনা মানুহ খুব কমহে লগ পাইছোঁ। অলপ পিচতে সি এটা বৰ ৰাৱাল কুকুৰা আনি দি কলে, “নে ঘড়ী। চাবি দিব নালাগে। ৰাতি চাকি লগাই চাবও নালাগে। তিনি বাজি আধা ঘণ্টাত এবাৰ দুবাৰ মাতিব। উঠিলে উঠিবি নুঠিলে আকৌ পাঁচ বজাত মাতিব। কেতিয়াবা ঘড়ীৰ লগত মিলাই চাবি, ঠিক পাবি।” বুঢ়া মিকিৰে কোৱা কথা সত্য যে তাত আমাৰ সন্দেহ নাই। ৰাৱাল কুকুৰাৰ মাত এলাৰ্মৰ চৈধ্য পুৰুষ।

 আমাৰ চিকাৰৰ আন এজন লগৰীয়৷ আছিল—পূৰ্ণৰাম। তেওঁ বন্দুক ধৰিব নাজানিছিল; কিন্তু সৰুৰেপৰা আমাৰ লগ। চিকাৰৰ