পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
চিকাৰ কাহিনী

ভাৱে তেওঁলোকক বিদায় দিলে। শুনা গ'ল যে ইস্তাহাৰবিলাক প্ৰত্যাহাৰ কৰি মন্ত্ৰিত্বৰ ভাৰ গৱৰ্ণৰে নিজে লব। শুনি হাঁহি উঠিল; কিন্তু পিচত গৱৰ্ণৰৰ মনত হিত বুদ্ধি খেলালে। তেনে নকৰি পুনৰ শপত খাবলৈ সানুনয় অনুৰোধ জনালে আৰু প্ৰতিশ্ৰুতি দিলে যে তেনে অশোভন কাৰ্য আৰু কৰা নহব। সমাৰোহেৰে মন্ত্ৰীসকলে অস্বীকাৰ কৰি মন্ত্ৰিত্ব গ্ৰহণ কৰি গাদীত বহিল। গৱৰ্ণৰৰ উপস্থিতিত মন্ত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ল। বন্দে মাতৰম্ ধ্বনি-প্ৰতিধ্বনিত সুপ্ত ছিলং সজাগ হৈ উঠিল।

 ৰথী, অতিৰথী, মহাৰৰ্থীসকলে এফেৰা ভুল কৰি নিজৰ আৰু আচলতে দুদিনলৈ অহা বেচেৰা গৱৰ্ণৰৰ এনে দুবৱস্থা কৰিলে। ইয়াতে মনত পৰে এফাকি ফকৰালৈ, “চোৰকো মোৰে পায়, লোহাকো মামৰে খায়।” ইমানতে পৰিল মন্ত্ৰী গঠন পৰ্বৰ ওৰ। পুনৰ মন্ত্ৰী-নিধন উদ্যোগ পৰ্বৰ আৰম্ভ হ'ল।

 চাৰি ৰাতি লঘোণে-ভোকে টোপনি ক্ষতি কৰি অতিশয় ভাগৰ লাগিল। ঘৰলৈ গৈ নিটালে বিছনাত পৰিম বুলি মন কৰিলোঁ। ঘৰ পালোগৈ এঘাৰ বজাত। ছিলঙত যুদ্ধৰ কেইদিন নেৰানেপেৰা বৰষুণ। গৰমৰ লেশ নাই।গা চেঁচা, কিন্তু মূৰ গৰম। ঘৰ পাই গৰমত জীৱ যায় যায় যেন লাগিল। এনেতে খবৰ পালো, ক্ষেত্ৰী আৰু জাগীৰোডৰ মাজত কাঁহিকুছি গাঁৱত প্ৰকাণ্ড দন্তাল এটাই আজি কেবাদিনৰপৰা উপদ্ৰৱ কৰি আছে। সেই বিষয়ে ছিলঙলৈও এখন টেলিগ্ৰাম কৰা হৈছিল বোলে। টেলিগ্ৰাম মই নাপালো। মোৰ বিশ্বাস, সেই সংবাদ সেই সময়ত মই ছিলঙত পালে মোৰ চিত্ত চঞ্চল হব, এই আশংকাত টেলিগ্ৰামখন মোক দিয়া নহল। খবৰ পাই শ্ৰান্তি কিছু পৰিমাণে দূৰ হ’ল। অতিশয় পৰিশ্ৰমৰ ফলত দুৰ্বল শৰীৰত বল পালোঁ আৰু হাতী বিচাৰি যোৱাকে স্থিৰ কৰিলোঁ। বাইদেউৰ কাতৰ অনুনয় আওকাণ কৰি তেওঁৰ ভৰিৰ ধূলি লৈ যাত্ৰা কৰিলোঁ, তেতিয়াই দুৰ্গা দুৰ্গা বুলি। সাঁজ লাগিছে, ইমানতে ঢোপ-