সমললৈ যাওক

পৃষ্ঠা:চান (কবিতা পুথি).pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬)

খোঁকোজা লগা তাৰ স্বভাৱ। সেইদৰে যি কবিতা লিখিম বুলি কবিৰ গৌৰৱৰ বাঞ্ছাই জোৰ কৰি কবিতা লিখে, সেই কবিৰ কবিতা শাৰী ভাঙি গদ্যক পদ্যৰ আকাৰ দিয়া যেন লাগে; তাতো সঙ্গীতৰ লয় আৰু মাধুৰী আদি নাথাকে, আৰু পঢ়োঁতে খোঁকোজা লাগে। সঙ্গীতৰ নিচিনাকৈ কবিতাৰো তাল, মান আছে; তাল মান ৰাখিব নোৱাৰাই কবিতাৰ দোষ। সঙ্গীত শব্দৰ ঢৌৰ হেন্দোলনি বা লহৰী। সাগৰত বা বতাহত যেনেকৈ বিবিধ আকাৰ আৰু প্ৰকাৰৰ ঢৌবোৰে চৌদিশে বিয়পি মনোৰঞ্জক দোলায়- ম'ন গতিৰ সৃষ্টি কৰে, সঙ্গীতৰ শব্দ মালাইও তেনেকুৱা হেন্দোলনিৰ সৃষ্টি কৰে। সেই হেন্দোলনিয়ে কৰ্ণকুহৰত ঘাত-প্ৰতিঘাত কৰি শৰীৰত প্ৰতিবিম্বিত হয় আৰু সুখ- অনুভূতিৰ সৃষ্টি কৰে। শৰীৰত ভ্ৰমণ কৰা হেন্দোলনিয়ে শৰীৰৰ তেজত বিতোপন ঢৌ সমূহ সৃষ্টি কৰে; সেইয়ে সঙ্গীতৰ চেৱে চেৱে শ্ৰোতাৰ বা গায়কৰ অঙ্গ-প্ৰত্যঙ্গবোৰে আপোনা আপুনি নাচিব ধৰে, সেয়ে সঙ্গীতৰ লহৰীয়ে নৰ্ত্তকৰ, অঙ্গ-সঞ্চালন কৰে, আৰু সেয়ে তাল মান নিৰ্ণয় কৰে।

 প্ৰকৃতিৰাজ্যত নিৰীক্ষণ কৰিলে কেনে সঙ্গীত, প্ৰীতিকৰ হব তাৰ আভাস পোৱা যায়। সাগৰত যেতিয়া সম-দৈৰ্ঘ্য