সমললৈ যাওক

পৃষ্ঠা:চান (কবিতা পুথি).pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱনৰ লক্ষ্য।

কি খেল খেলিছ কোনে
 মোৰ অন্তৰত?—
 হিয়া কৰ থানবান্‌,
আলোড়িত কৰ মোৰ
 হৃদয়ৰ তাঁৰ;
বোৱাইছ ধুমুহাৰ মলয়াৰ বা,
 হঁহুৱাইছ নচুৱাইছ,—
অন্তৰতে লুকুৱাই
 আপোন স্বৰূপ
কি খেল খেলিছ কিয়
 কোন হিয়া-চোৰ?

হৃদি-তন্ত্ৰী কম্পমান
 ধুমুহা-কোবত,
মলয়াৰ বাত
 নাচিছে সঘনে—