সমললৈ যাওক

পৃষ্ঠা:চান (কবিতা পুথি).pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)

শান্তনা লভিব
 তোৰ পূজা কৰি—
তোৰ প্ৰেৰণাই দিব প্ৰেৰণা মনক;
 তিয়াগি নৈৰাশ্য ভাৱ
 আনন্দত হব মতলীয়া
পখিলাৰ ৰূপ ধৰি
 নাচিব বিশ্বত।


কি?

গোপনে হিয়াত জ্বলে
 ঢিমিকি ঢিমিকি
সিকুৰা হিয়াৰ জুই
 হিয়াৰ মাজত,
 খেনো উঠে, খেনো পৰে,
 খেনো শান্ত-ভাৱ ধৰে,