সমললৈ যাওক

পৃষ্ঠা:চান (কবিতা পুথি).pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৬)

নুগুনি কাৰ্য্যৰ ফল
 নকৰিবা দুখ-শোক।

শিশু।

কি মোহিনী শক্তি আনিছ লগত
 মায়াৰ বান্ধোন আহিছ লই,
কোনে দিলে তোক এনুৱা মৰম
 যি মৰমেৰে বান্ধ আমাক অই।

তিৰবিৰ্ কৰি নীল চকুযুৰি
 নিমেষ পছাৰ তৰাৰ দৰে,
ঘুৰি ঘূৰি চাৱ  হৰিণীৰ দৰে
 হাত মেলি উৰ পখীটি হৈ।

যিপিনেই যাওঁ   ঘূৰ সেই দিকে
 ইঙ্গিতেৰে মাত তোক লবলৈ;