সমললৈ যাওক

পৃষ্ঠা:চান (কবিতা পুথি).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

আৰু শৃঙ্গাৰ ৰসে নায়কনায়িকাৰ ৰতিক্ৰিয়া বৰ্ণায়। আদিৰস অতি সুক্ষ্ম, প্ৰেম আৰু ভক্তি ৰসৰ ৰূপ ধৰি আদিৰস স্থূল আৰু ইন্দ্ৰিয়গোচৰ হয়। এই প্ৰেমৰস গৌণ, স্থূল আৰু সংকীৰ্ণ। শৃঙ্গাৰ ৰসৰ সাহিত্যত বেচি ব্যৱহাৰ নাই। আদিৰসৰ পৰা হোৱা ৰস দুটাক প্ৰগৌণ ৰস বুলিব পাৰি। এই দুটাক ধৰি আমি দৰাচলে বাৰটা ৰসৰ প্ৰয়োগ সচৰাচৰ দেখিব পাওঁ। এই বাৰটাক আমি গৌণৰস বুলিব পাৰো। মূল প্ৰেমৰস অবিকৃত অবস্থাত পোৱা নাযায়। গৌণ ৰসবোৰ স্থূল; সেয়েহে ইহঁত সহজবুধ্য আৰু সেই কাৰণেই ইবোৰক মূল ৰস বুলি বিবেচনা কৰা হয়। কিন্তু এই গৌণৰস বোৰকো অমিশ্ৰিত স্বৰূপত সাধাৰণতে পোৱা নাযায়। দুটা বা ততোধিক গৌণৰস মিশ্ৰিত হৈ একোটা মিশ্ৰৰসৰ উদ্ভৱ হয়। এনেকুৱাকৈ অসংখ্যত মিশ্ৰৰসৰ সৃষ্টি হৈছে; এইবোৰক প্ৰগৌণ Binary বা যৌগিক ৰসো বুলিব পাৰি। উদাহৰণ স্বৰূপে ভয়ানক, বীভৎস আৰু অদ্ভুত ৰস তিনিওটি একেলগে এটা মিশ্ৰৰসত পৰিণত হব পাৰে; ভীমৰ দ্বাৰা দুঃশাসনৰ ৰক্তপান বোধহয় তিনিওটি ৰসৰে সমাবেশ। সেইদৰে বীৰ, বীভৎস আৰু ৰৌদ্ৰৰস প্ৰায় একেলগে থাকে। সচৰাচৰ মিশ্ৰৰসবোৰৰে প্ৰয়োগ বেচি।