পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
[ ২য় অঙ্ক,
চক্ৰধ্বজসিংহ।

উমানন্দে মহানন্দে ত্ৰিশূলক ধৰি।
তাণ্ডৱ কৰোক নৃত্য বম বম কৰি॥
সন্ধ্যাচল পৰ্ব্বতত বসি সূৰ্য্য় দেৱে।
অস্তমিত শত্ৰুবীৰ্য সংহৰিয়া লৱে॥
ৰুধিব লোতকে তিতে পশ্চিম গগন।
দেখা দেখা হেৰা অসমৰ যোদ্ধাগণ॥
শুভক্ষণ ইটো আসি মিলিছে সাক্ষাত।
হুঙ্কাৰ ছাড়িয়া শত্ৰু কৰাহা নিপাত॥

(সেনাবিলাকে উত্ৰাৱল হৈ হৈ -ধ্বনি দিয়ে)
জয় চক্ৰধ্বজ সিংহ সৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ
জয়! জয় আসামৰ জয়! জয় হৰি বোলাঁ! জয় ৰাম বোলাঁ!