চকুৰ পাকত, বাহুৰ মেৰত, মৰমৰ চাকত, পৰি তিনি পাক খাই জৰীডাল যেন হৈ ভৰিত পৰি আছে, সেইজনা হেনো পোন,মই হে বেঁকা।
ভাৰ্য্য়া। এৰা আৰু এখোপ আগবাঢ়ি গৈ নো নকয় কিয়,"যি জৰীডাল হৈ তোমাৰ ভৰি দুটা, বান্দাৰে হাতীৰ ভৰি বন্ধাদি বান্ধি থৈছো?” বোলোঁ হেৰি, কথা কম নজনা আঁকৰা মানুহটি! আপোনাৰ কথাৰ জালখনি অলপ সামৰক, আমাৰ নিচিনা খলিহা ভেচেলি আপোনৰ হাতত এনেই ধৰা পৰি আছে,তালৈ জাল নেলাগে।
লাচিত। বাৰু সেইবোৰ বুজিছোঁ। সম্প্ৰতি কোৱাঁচোন,তোমাৰ বৰপুত্ৰক লৈ মই এতিয়া কৰোঁ কি?
ভাৰ্য্য়া। মোৰ বৰপোৱে কি কৰিলে?
লাচিত। একো নাই কৰা; মাথোন দিনে ৰাতিয়ে চোৰ ডকাইত,ভঙুৱা,মদপীৰে লগ লাগি মোৰ নাক কাণহে কটাই ফুৰিছে।
ভাৰ্য্য়া। সেইবোৰ মিছা কথা, মই বিশ্বাস নকৰোঁ; আপোনাক কোনোবাই খিয়ালত হে তাৰ নামে তেনেকৈ লগাইছে।
লাচিত। সেইটো হয়; তোমাৰ বৰপোৱে একেবাৰেই আজলা, আঁকৰা, নিচলা, নিমাতী, হোজা লৰাটি হৈয়েই আছে। তাক তুমি কোলাত লৈ চুমা গোটাচাকে খাই নাম গাই শুউৱা। লোকে খিয়ালত হে বেয়া বোলে। বোলো বৰ-