পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন
চক্ৰধ্বজসিংহ।

সকলে ভয় নেখাব, পিছলৈ নাটানিব, ঈশ্বৰে আমাৰ অভীষ্ট সিদ্ধি কৰিব; মছলমানক আমাৰ দেশৰপৰা খেদাব পাৰিম। ( লাচিত দুৱলীয়া ফুকনলৈ চাই। আমাৰ ফুকনে কি কয়?)

 লাচিত। সৰ্গদেৱৰ ইচ্ছা আৰু আদেশ পালনত বন্দীৰ পৰা কোনো ক্ৰটী নহয়।

 বুঢ়াগোহাই। সৰ্গদেৱৰ কথা সাৰুৱা। মোৰ মনেৰেও আমাৰ যুদ্ধ কৰাই শ্ৰেয়ঃ; মছলমান পাটচাই আমাৰ আসামত এবাৰ ভালকৈ খামি পুতি লব পাৰিলে আৰু আমাৰ দেশ গল। তেনেহলে বঙ্গ, বিহাৰ, ওৰেস্য়াৰ যি গতি হৈছে. আমাৰ আসামৰো সেই গতিয়েই হব। এতেকে দুপতীয়াতে বিহগছৰ পুলি উঘলাটোৱেই হে যুগুত।

 চক্ৰধ্বজ। বাৰু, দেউধাই বাইলুং আৰু গণকক মতা হওক : এই বিষয়ে সিহঁতে নো কি পায়, চাই কওকচোন।

( এজন দেওধাই, এজন বাইলুং আৰু এজন গণকৰ প্ৰবেশ। )

(তিনিওজনে সৰ্গদেৱক সেৱা কৰি আঠু লয়। )

 তোমালোকে চাই কোৱাহকচোন, মছলমান পাটচাৰে সৈতে আমি যি যুজ কৰিব খুজিছো, তাত আমাৰ জয় হব নে নহয়।

 দেওধাই, বাইলুং”। সৰ্গদেও বন্দীহতে বৰচৰাৰ বাহিৰত ধৰম-পখা কাটি তাৰ ঠেঙেৰে মঙ্গল চাই এতিয়াই সৰ্গদেৱক সবিশেষ জনামহক।

(দেওধাই, বাইলুঙৰ প্ৰস্থান। )