পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
[ ৪ৰ্থ অঙ্ক,
চক্ৰধ্বজসিংহ।

পঞ্চম দৰ্শন।

স্থান-ৰামসিংহৰ কোঠ।

কাল-পুৱা।

(ৰামসিংহ, ৰচিতখাঁ, নচৰৎখাঁ। )

( দুৱৰীৰ প্ৰবেশ )

 দুৱৰী। হজুৰ আসাম ৰজাৰ বৰফুকনৰ ওচৰৰপৰা এখন চিঠি লৈ এজন দূত আহিছে।

 ৰামসিংহ। আহিবলৈ দে।

(কটকীৰ প্ৰবেশ)

(কটকীয়ে চেলাম কৰি ৰামসিংহৰ হাতত লাচিত বৰফুকনৰ চিঠি দিয়ে।

ৰামসিংহই চিঠি খুলি লগৰীয়াসকলে শুনাকৈ পঢ়ে )

“শ্ৰীশ্ৰীহৰি।

সৰ্ব্বগুণসম্পন্ন বৰ সেনাপতি শ্ৰীশ্ৰীযুক্ত ৰাজা ৰামসিংহ বাহাদুৰ সমীপেষু--

“সবিনয় পূৰ্ব্বক লেখন প্ৰয়োজনঞ্চ। পৰং সমাচাৰ এহি-- দূত প্ৰমুখাত আপোনাৰ উচ্চাৰিত বাক্য শুনি কৃতাৰ্থ লভিলোঁ। কিন্তু আমাক প্ৰতি আপুনি যি প্ৰস্তাব কৰি পঠিয়াইছে, সেই প্ৰস্তাব আপোনাৰ উদাৰ চৰিত্ৰৰ পৰিচায়ক যদিও, আমি তাক