পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন ]
১০৭
চক্ৰধ্বজসিংহ।

বোলোঁ মনে মনে নেথাক নে? তোৰ মুখখন ইমানকৈ লাওপাত কচুপাত হৈছে কিয়?

 শ, খো, গো,। মই এতিয়া যাওঁ। কাইলৈ যোৱাৰ আগেয়ে আকৌ এবাৰ আহিম।

[ প্ৰস্থান।

 ৰূপহী। নিশ্চয় আহিবলৈ নেপাহৰিব।

 ( চেনেহীৰ ফালে চাই গায় )--

“ভাত খাই গল তপতে তপতে;
খুটি থৈ গল চুকত।
যাবৰ বেলিকা মাত নলগালে,
কথাটো ৰৈ গল বুকত। ”

[ প্ৰস্থান।

______